আহোম জাতীয় মহাসভা

প্ৰগতিশীল ঐক্যবদ্ধ শক্তি

“আহোম জাতীয় মহাসভা ” আহোম জনগোষ্ঠীৰ কোনো এক বিকল্প সংগঠন নহয়। ই এক উমৈহতীয়া সমন্বয়ৰ মহামঞ্চ। নিজস্ব, সুকীয়া সুকীয়া সাংবিধানিক আৰু মৌলিক চৰিত্ৰ অটুত ৰাখি জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা প্ৰতিটো সংগঠন, ফৰামৰ প্ৰতিনিধি ইয়াত থাকিব পাৰে।

আৰ্থ-সামাজিক বিকাশ

উচ্চশিক্ষা

টাই ভাষা গৱেষণা

ৰাজনৈতিক বিকাশ

ৰক্তদান

আমাৰ সম্বন্ধে

আহোম জাতীয় মহাসভা- প্ৰগতিশীল ঐক্যবদ্ধ শক্তি৷
সাম্প্ৰতিক সময়ৰ কলুষিত আৰ্থ-সামাজিক তথা ৰাজনৈতিক বাতাবৰণে ধূসৰ কৰা অসমৰ সামাজিক দৃশ্যপট প্ৰত্যক্ষ কৰি বহুধাবিভক্ত আহোম জনগোষ্ঠীটোক একত্ৰিত্ব কৰাৰ প্ৰচেষ্টা বহুদিনীয়া৷ ধেমাজিৰ ঐতিহাসিক উপাসনাস্থলী হাবুংৰপৰা প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰি বহু চিন্তা-চৰ্চা, ভাৱ বিনিময়, চিন্তন বৈঠক, অভিৱৰ্তন আদিৰ এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত, ভাষা- ধৰ্ম-কৃষ্টি-পৰম্পৰা, শিক্ষা, সামাজিক স্থিতি, সাংগঠনিক, ৰাজনৈতিক মতাদৰ্শ আদিৰ গইনা লৈ বহুধা বিভক্ত হৈ থকা আহোম জাতিটোক স্বৰ্গদেও চাওলুং চ্যুকাফাৰ উদাৰ আৰু প্ৰগতিশীল নীতিৰে একত্ৰিত কৰি এক মহান অগ্ৰগামী শক্তিলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে উদ্বুদ্ধ হৈ লুইতৰ পাৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিৰে ২০ আগষ্ট ২০২১ তাৰিখে যোৰহাটৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰৰ জয়া ভৱনত অনুস্থিত এক মুকলি সভাত অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ উপস্থিতিত সর্বসম্মতিক্রমে তথা আনুষ্ঠানিকভাৱে আহোম জাতীয় মহাসভাই প্ৰতিষ্ঠা লাভ কৰে ৷
0 m+
জনসংখ্যা
1 0 m+
লক্ষ্য
50 0 +
AJMS সদস্য
0 +
সমিতি

“আহোম জাতীয় মহাসভা” আহোম জনগোষ্ঠীৰ কোনো এক বিকল্প সংগঠন নহয়। ই এক উমৈহতীয়া সমন্বয়ৰ মহামঞ্চ। নিজস্ব, সুকীয়া সাংবিধানিক আৰু মৌলিক চৰিত্ৰ অটুত ৰাখি জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা প্ৰতিটো সংগঠন, ফৰামৰ প্ৰতিনিধি ইয়াত থাকিব পাৰে।

ইয়াৰ মূল বিষয়টোৱে হল ঐক্যবদ্ধ আহোম৷ United Ahoms এই ধাৰণাটো আজিৰ তাৰিখত এক সময়ৰ আহ্বান। জনগোষ্ঠীটোৱে বহুধাবিভক্ত হৈ আৰু কিমান দিনলৈ ডিভাইড এণ্ড ৰোল পলিচিৰ চিকাৰ হৈ থাকিব! কেতিয়াবা ধৰ্মৰ নামত, কেতিয়াবা ৰাজনীতিৰ নামত, কেতিয়াবা সংগঠনৰ নামত, কেতিয়াবা মতার্দশ নামত৷ গতান্ত্রিক প্রমূল্যবোধক গুৰূত্ব প্রদান কৰি একবিংশ শতিকাৰ আজিৰ এই মহূত্ত্বত ইয়াণ্ডাবু সন্ধিৰ ২০০টা বছৰৰ পূৰ্ণ হোৱাৰ প্রাক্ ক্ষণত বৃহত্তম অসমীয়া জাতি গঠনৰ মূল কাণ্ডাৰী অতদিনে শুই থকা শক্তিশালী আহোম বাঘবোৰ  সাৰ পোৱাৰ সময় সমাগত। ঐক্যবদ্ধ আহোম এক মূল লক্ষ্য হিচাপে লৈ প্রস্তাবিত আহোম জাতীয় মহাসভাই গতান্ত্রিকভাবে জ্ঞাতি আৰু জাতীয় জাগৰণ মঞ্চ হিচাপে সকলো শিক্ষিত অশিক্ষিত, যুৱক-যুৱতী, আবালবৃদ্ধ-বনিতা, ধনী-দূখীয়া সকলোকে একেলগে একেটা ছাটিৰ তলত সমবেত কৰি একত্রীকৰণ প্রক্রিয়াটো আগবঢ়াই লৈ যাব পাৰে ইতিবাচক দিশত, জ্ঞাতিৰ সবলীকৰণৰ স্বাৰ্থৰ বাবে কাম কৰিব। খিলঞ্জীয়া জাতি আৰু জ্ঞাতিৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত আমি ঐক্যবদ্ধ হব লাগিব। আপোনালোকৰ গঠনমুলক চিন্তাপৰামৰ্শ আমাৰ জাতি উন্নতিত গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰিব৷  জাতিৰ কাৰণে প্ৰাণ পৰ্য্যন্ত উচ্চৰ্গা কৰিব পৰা যিকোনো ব্যক্তিয়েই “আহোম জাতীয় মহাসভা”ৰ অংশীদাৰিত্ব লাভ কৰিব পাৰিববিপৰীতে কোনোবা ৰাজনৈতিক নেতা, প্ৰশাসন আৰু চৰকাৰৰ ওচৰত বিক্ৰী হ’ব পৰা মানসিকতাৰ ব্যক্তিৰ বাবে এই মহামঞ্চ নহয়

আহোম জাতীয় মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্যঃ-

  • Øপ্ৰতিটো স্তৰৰ আহোম জনগণক একত্ৰিকৰণ কৰি নিজ ভূখণ্ডত এক প্রবল, অগ্রগামী আৰু প্ৰগতিশীল শক্তিলৈ ৰূপান্তৰিত কৰা।
  • Øআহোম এক খিলঞ্জীয়া জাতি হিচাপে যি নায্য অধিকাৰ আছে তাক সাব্যস্ত কৰা।
  • Øআহোমৰ নিজ ভূমিৰ ওপৰত থকা আজন্ম আৰু ন্যায়িক অধিকাৰ আৰু তাত থকা বনজ, জলজ আৰু খনিজ সম্পদৰ ওপৰত কেৱল আহোমৰ তথা খিলঞ্জীয়াৰ নিয়ন্ত্রণ সাব্যস্ত কৰা।
  • Øআহোমক ৰাজনৈতিকভাৱে সবল, ঐক্যবদ্ধ আৰু প্ৰভাৱশালী কৰা।
  • Øআহোমৰ জীৱন জীৱিকাৰ মানদণ্ড এটা উন্নত পৰ্যায়লৈ নিবলৈ বিশেষকৈ উন্নত কৃষিকার্য, কাৰিকৰী জ্ঞান, ব্যৱসায়-বাণিজ্যৰে বজাৰ দখল আদিৰে ঘৰুৱা উৎপাদন আৰু উপাৰ্জন বৃদ্ধি কৰা
  • Øআহোমৰ সামগ্রিক শিক্ষাৰ হাৰ বিশেষকৈ উচ্চ শিক্ষা আৰু বৃত্তিমূলক শিক্ষাৰ বৃদ্ধি আৰু বিস্তাৰৰ ক্ষেত্ৰত ফলপ্রসূ পদক্ষেপ গ্ৰহণ কৰা।
  • Øআহোম ক্রীড়াবিদসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকশাই তুলি আন্তঃৰাষ্ট্ৰীয় মানৰ কৰি তুলিবলৈ উচিত ব্যৱস্থা গ্ৰহণ কৰা
  • Øআহোমৰ নিজা বুৰঞ্জী, ভাষা, সংস্কৃতি, পৰম্পৰা, ধৰ্মীয় ৰীতি-নীতি, দৰ্শন, নৃত্য-গীত, পিন্ধন-উৰণ, খাদ্যাভ্যাস, হস্তশিল্প, বয়ন শিল্প, কৃষি প্ৰণালী, ঔষধ আৰু চিকিৎসা বিধি, খেল-ধেমালি, সমৰ কলা আদিৰ চৰ্চা, সংৰক্ষণ তথা সংবৰ্দ্ধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা
  • Øআহোমৰ ঐতিহ্য আৰু ঐশ্চৰ্যৰ স্বাক্ষৰ বহনকাৰী পুৰণি কীৰ্তিচিহ্ন আৰু পুথি-পাঁজিসমূহ অত্যাধুনিক ব্যৱস্থাৰে সংৰক্ষণৰ ক্ষেত্ৰত কাৰ্যপন্থা হাতত লোৱা।
  • Øচাওলুঙ ছ্যুকাফাৰ সাম্য-মৈত্ৰীৰ নীতি আদৰ্শৰে অসমৰ লগতে চুবুৰীয়া উত্তৰ-পূৱৰ সকলো থলুৱা খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে ইতিবাচক যোগসূত্ৰ ৰক্ষা কৰি পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰি ৰখা।

“আহোম জাতীয় মহাসভা”ই নিজৰ কাম-কাজবোৰ ৰাজ্যিক তথা জিলা পৰ্যায়ত সুচাৰুৰূপে চলাই নিবলৈ এক পুঁজি গঠন কৰিব। উক্ত পুঁজি গঠন কৰিবলৈ মহাসভাৰ ৰাজ্যিক তথা প্ৰতিখন জিলা পর্যায়ত, সভাপতি আৰু সাধাৰণ সম্পাদকৰ নামত এটি ফুটিয়া বেংক একাউণ্ট থাকিব।

  • Øমহাসভাৰ সদস্য ভৰ্তিৰ নিৰ্ধাৰিত মাচুল আৰু বছেৰেকীয়া নবীকৰণ মাচুল (কেৱল কেন্দ্ৰীয় পূঁজিত জমা হ’ব)।
  • Øকাৰ্যবাহী বিষয়ববীয়া সকলৰ মাহেকীয়া নিৰ্ধাৰিত মাচুল।
  • Øমহাসভাৰ কৰ্মৰাজিৰ প্ৰতি আকৰ্ষিত হৈ কোনো ব্যক্তি, অনুষ্ঠান অথবা চৰকাৰৰ পৰা পোৱা দান, বৰঙনি আৰু অনুদান।
  • Øবিশেষ কাৰণত কাৰ্যনিৰ্বাহকে আৱশ্যক অনুভৱ কৰিলে পুঁজি সংগ্ৰহৰ অন্য নীতিগত ব্যৱস্থাও অৱলম্বন কৰিব পাৰিব
  • Øকাৰ্যবাহী বিষয়ববীয়াৰ মাহেকীয়া মাচুলৰ লগতে অন্যান্য দান বৰঙনিৰ বাবদ গোট খোৱা জিলা সভাৰ পুঁজিৰ ৩০ শতাংশ (ত্রিশ শতাংশ) ৰাজ্যিক পুঁজিত জমা দিব লাগিব।
  • Øচ্যুকাফা ফাউণ্ডেচন ট্ৰাষ্টৰ (ন্যাস) জৰিয়তে এক জাতীয় পুঁজি গঠন কৰা হ, যাৰ দ্বাৰা আহোম জাতিটোৰ সৰ্বতোপ্ৰকাৰ আৰু সামগ্রিক উন্নয়ন তথা উত্তৰণৰ পৰিকল্পনা কৰা হব।
  • Øৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অনুমতিৰ অবিহনে কোনেও কোনো কাৰণতে পুঁজি সংগ্ৰহৰ বাবে ৰছিদ বহী আদি বনাব নোৱাৰিব।
  • Øসদস্যভৰ্তিৰ ফৰ্ম আৰু ৰচিদ, বছেৰেকীয়া নবীকৰণ মাচুলৰ ৰচিদ আৰু পৰিচয়পত্ৰৰ মাচুলৰ ৰচিদ কেৱল কেন্দ্ৰীয় সভাইহে জিলা সভাক এক নিৰ্দিষ্ট পৰিমানত সময়ে সময়ে, প্রয়োজন অনুসৰি যোগান ধৰিব। 

“আহোম জাতীয় মহাসভা”ৰ কেন্দ্ৰীয় সমিটিৰ লগতে প্ৰতিখন সমিটিৰ কাৰ্য্যক্ৰমণিকা সফল ৰূপায়ন কৰিবলৈ মহাসভাই বিশেষ কিছুমান অনুশাসনৰ ব্যৱস্থা কৰিছে-

  • Øযিকোনো স্তৰৰ মহাসভাৰ বিষয়ববীয়া অথবা সভ্যই কোনো অসাংবিধানিক কার্যকলাপ লিপ্ত হলে অথবা মহাসভাৰ বিৰুদ্ধাচৰণ কৰাৰ প্ৰমান পালে কেন্দ্ৰীয় কাৰ্যনিবাহকে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে দোষী সভ্যৰ অপসাৰণ বা বহিস্কাৰ কৰিব পাৰিব।
  • Øমহাসভাৰ সকলো সদস্য আৰু বিষয়ববীয়াই মহাসভাৰ প্ৰয়োজনীয় গোপনীয়তা অক্ষুন্ন ৰাখিব লাগিব। অন্যথা কেন্দ্রীয় কার্যনিবাহকে বিহিত ব্যৱস্থা লব পাৰিব।
  • Øকাৰ্য্যনিৰ্বাহকৰ কোনো সদস্যই লিখিত কাৰণ নজনোৱাকৈ একেলেথাৰিয়ে তিনিখন কার্যনির্বাহক বৈঠকত উপস্থিত নেথাকিলে উক্ত কার্যনিবাহকে গৰিষ্ঠসংখ্যকৰ মতেৰে অপসাৰণ কৰিব পাৰিব আৰু তেওঁৰ ঠাইত নতুন সদস্যও অন্তর্ভুক্ত কৰিব পাৰিব।
  • Øমহাসভাৰ নিজা কাৰ্যসূচীত সদস্যসকলে মাদকদ্রব্য সেৱন বা যিকোনো অনৈতিক কার্যত লিপ্ত হলে তেওঁ বা তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হব।
  • Øমহাসভাৰ লক্ষ্য-উদ্দেশ্য আৰু নীতি-আদৰ্শৰ পৰা ফালৰি কাটি গৈ আৰু কেন্দ্ৰীয় সভাৰ অনুমতিৰ অবিহনে, জিলা/ সমষ্টি/ আঞ্চলিক সভাই নিজাববীয়াকৈ কোনো কাৰ্যসূচী লব নোৱাৰিব; লগতে আন সংগঠন বা অনুষ্ঠানৰ সৈতে যুটীয়াভাৱে যিকোনো কার্যসূচী লবলৈও কেন্দ্ৰিয় সভাৰ আগতীয়া অনুমতি লব লাগিব।
  • Øকোনো জিলা/ সমষ্টি  আঞ্চলিক সভা যদি বহুদিন ধৰি নিশ্চিয় হৈ থাকে, তেতিয়া কেন্দ্ৰীয় কার্যনিবাহকে সেই সভা ভঙ্গ কৰি তদর্থ সমিতি গঠন কৰি দিব পাৰিব আৰু পাছলৈ যাক পূৰ্ণাঙ্গ কৰি লব লাগিব।
  • Øবিসম্বাদ বা অন্য কোনো পৰিস্থিতিতেই মহাসভা সাংগঠনিকভাৱে বিভাজিত বা দ্বিখণ্ডিত হোৱাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে; অন্যথা অসংবিধানিকভাৱে গঠন হোৱা তেনে কোনো গোটক এই সংবিধানে মান্যতা প্ৰদান নকৰে ৷

আহোম জাতীয় মহাসভাৰ সমূহ বিষয়ববীয়া, সদস্য-সদস্যা আৰু সমর্থকে আহোম জাতিটোক সামগ্রিক ঐক্যবদ্ধতাৰে, মূলতঃ অতীতৰ হৃত গৌৰৱ আৰু মৰ্যাদাক পুনৰুজ্জীৱিত কৰি এক গঠনমুখী প্ৰগতিশীল শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ, সন্মানীয় প্রতিজন আহোম ব্যক্তিবিশেষৰ হৈ গভীৰ তথা আনুষ্ঠানিকভাৱে সংকল্পবদ্ধ; যিয়ে নিশ্চিত কৰিছে আমাৰ স্বকীয় ভাষা, কৃষ্টিসংস্কৃতি, ৰীতি-নীতিৰ চৰ্চা, সংৰক্ষণ তথা সংবর্ধন অটুট ৰাখিও আমাৰ এই পৈত্তিক ভূখণ্ডত বসবাস কৰি থকা প্ৰতিজন খিলঞ্জীয়া বাসিন্দাৰ হকে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক বিকাশৰ দিশত সমদৃষ্টি সমমর্যাদা আৰু সমভাৱ পোষণ কৰা হ

get involve

we've funded lots of projects for 70M people around the Assam