অহোম জাতীয় মহাসভাৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস

শ্রদ্ধাৰ অসমবাসী ৰাইজ আৰু জাতিবর্গ

সকলোকে এই পত্ৰৰ যোগেদি নমস্কাৰ জনালোঁ আৰু আহোম জাতীয় মহাসভাৰ মূল লক্ষ্য উদ্দেশ্যৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। অসমৰ নানা জাতি উপজাতিৰ সংমিশ্ৰণত বৃহত্তৰ অসমীয়া জাতি গঠন কৰি যোৱা আমাৰ অসমৰ প্ৰথমজন অসমীয়া চাওলুং চ্যুকাফা বৰ অসমৰ স্ৰষ্টা, বৰভেটি পঢ়োতা, বৃহত্তৰ অসমীয়া জাতি গঠনৰ মূল ৰূপকাৰ সৰ্বকালৰ মহানায়ক চাওলুং চ্যুকাফাৰ নীতি আদৰ্শৰ সমন্বয়ৰ সাঁকো জাতি গঢ়াৰ মহান আদর্শ নতুন পুৰুষৰ হাতত আজি সুৰক্ষিত নে? এই আটাইতকৈ বৃহৎ জাতীয় প্রশ্ন লৈ আজি এই মঞ্চৰ ২০১৫ চনৰ পৰা বহু প্ৰচেষ্টাৰ ফলত ২০২১ চনত বহুকেইজন জাতিৰ শুভচিন্তকৰ সহযোগত আহোম জাতীয় মহাসভা নামৰ এখনি মহামঞ্চই জন্ম দিয়া হল। ইয়াক অসমৰ এক বিকল্প সংগঠনৰ চিন্তাৰে নলৈ ঐক্যবদ্ধ আহোম বিষয় হিচাপে লৈ সকলো ১২২৮ চনৰ পৰা ১৮২৬ চনলৈকে চাওলুং চ্যুকাফাৰ ভূমিত বসবাস কৰা প্ৰতিগৰাকী খিলঞ্জীয়াৰ সহযোগত সৃষ্টি হোৱা “আহোম” নামৰ যি শক্তি তাক পুনৰাই ঐক্যবদ্ধ কৰি এক মহাশক্তিলৈ ৰূপান্তৰিত কৰিবলৈ দিন ৰাতি এক কৰি উদ্যোগ লৈ আহিছোঁ। জাতি বহুধাবিভক্ত বাবে দেশৰ অস্তিত্ব আজি সংকটত যি ঐক্যবদ্ধ শক্তিতে ইতিহাসৰ ৬০০ টি বছৰে সোঁৱৰাই। সেইয়া আজি সকলোৱে উপলব্ধি সকলোৱে কৰে।

আজিৰ প্ৰেক্ষাপটত দৰিদ্ৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে আৰু আমাৰ জ্ঞাতিসকলে প্ৰতিবছৰে ৰোগত সৰ্বস্ব হেৰুৱাই আমাক সহায়ৰ হাত আগবঢ়ায় আহিছে , কিন্তু একতাৰ অবিহনে এই কাম সম্ভৱ নহয়। আজি অনান্য জনগোষ্ঠীৰ এনে ব্যবস্থা আছে সেইবাবে সকলোৱে হাতে হাত ধৰি উন্নতিৰ পথত আগবাঢ়িবলৈ সক্ষম হৈছে অনাগত দিনত জাতীয় মহাসভাই এইবোৰ গুৰুত্বপূর্ণ কাম কৰিবলৈ পৰিকল্পিত ভাবে সক্ষম হ’ম। আজি আৰ্থিক ভাবে দুৰ্বল মেধা ছাত্ৰীসকলকো উচ্চ শিক্ষাৰ বাবে আমি আগবঢ়াই নিবলৈ সক্ষম হব লাগিব। এটা জাতি উত্তৰনৰ বাবে শিক্ষা আৰু ক্ৰীড়া জগতত নৱ প্ৰজন্মক আগবঢ়াই নিবলৈ আমি ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজন। আমি পৃথিবীৰ সকলো আহোমক আমাৰ জাতীয় মহাসভাৰ একোজন সদস্য বুলি অনুভৱ কৰোঁ। বৰ্তমান আমাৰ ইলেক্ট্ৰনিক অত্যাধুনিক মাধ্যমৰ জড়িয়তে অহা ২০ আগষ্টৰ পৰা সদস্য ভৰ্তিৰ কাৰ্যসূচী যোৰহাটৰ চ্যুকাফা সমন্বয় ক্ষেত্ৰত উদযাপন কৰিবলৈ লোৱা ২য় প্ৰতিষ্ঠা দিৱসত শুভাৰম্ভ কৰা হ’ব। গতিকে সকলো জ্ঞাতিবৰ্গৰ সহযোগিতা কামনা কৰিলোঁ। ঐক্যবদ্ধহৈ থাকিলে এদিন আমি আমাৰ হৃত গৌৰৱ উদ্ধাৰ কৰিবলৈ সক্ষম হম আৰু গনতান্ত্ৰিক ভাবে অধিকাৰ কাঢ়ি আনিবলৈ পাৰিম বুলি আশা কৰোঁ। সকলোৱে জানে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনগোষ্ঠী নানা ধৰ্মত দিক্ষিত হৈও জনজাতিৰ মর্যাদা পালে কিন্তু আমি টাই আহোম সকলে বহুধাবিভক্তৰ ফলত সদায়েই বঞ্চিত আৰু বহুকেইটা আমাৰ জাতীয় সংগঠনে ৰাজপথৰ আন্দোলন কৰিও সফল হ’ব নোৱাৰিলে কিয়? কি এনে সমস্যা আছে যি কাৰনে টাই আহোমে জনজাতীয় মৰ্য্যদা পোৱাৰ পৰা বঞ্চিত হৈ থাকিব লগা হল কি অসমৰ ভূমি সুৰক্ষিত হোৱাটো কিছুলোকৰ বাবে ক্ষতি বুলি ভাবে নেকি ? আমাৰ লগতে আন ৫ টা জনগোষ্ঠীয়ে জনজাতীয় মর্যদা পালে আন জনগোষ্ঠীৰ ক্ষতি নহয় অসমৰ ৬০% জনসংখ্যাই জনজাতীয় মর্যাদা পালে অসমৰ জাতি, মাটি আৰু ভেটিৰ লগতে ৰাজনৈতিক ভাবেও অসমখনক সুৰক্ষিত হ’ব আৰু সেইকথা সকলো খিলঞ্জীয়াই উপলব্ধি কৰা উচিত। সেইবাবেই অসমে ত্ৰিপুৰাৰ ৰূপ লোৱাৰ আগত আমাৰ ৰাজ্যলৈ “পাৰ পত্ৰ” কৰিব ব্যৱস্থা গ্ৰহন কৰিব লাগিব। অসমৰ আজিৰ প্ৰেক্ষাপটত জাতীয় অস্তিত্বৰ প্ৰশ্নক লৈ জন্ম হোৱা আহোম জাতীয় মহাসভায়ে আপোনালোকৰ সহযোগিতাৰ যোগেদি এক ফলপ্রসূ সুস্থ পৰিবেশ ৰচনা হ’ব যত চাওলুং চুকাফাৰ মূল আদর্শ সমাজ জীৱনৰ প্ৰান্তে প্রান্তে প্রতিষ্ঠা কৰিব পৰা যাব। সাম্প্রতিক প্রেক্ষাপটত ৰাজনৈতিক সামাজিক, শৈক্ষিক, ক্ৰীড়া, ৰাজনৈতিক আৰু অর্থনৈতিক আদি সকলো ক্ষেত্ৰতে জাতিটোৰ সংকটাপৰ্ণ বৰঘৰৰ বনপীৰাত আজি শত্রুৰ হুঙ্কাৰ , এনে পৰিস্থিতিত আমি অনুভৱ কৰিছোঁ আমি ঐক্যবদ্ধ হবই লাগিব কিন্তু কেনেকৈ? সেয়েহে দল সংগঠন মতাদর্শ, ৰাজনীতি, ধৰ্মৰ উদ্ধত আহোম জাতীয় মহাসভাই পৰিকল্পিত ভাবে এক অগতানুগতিক চিন্তাৰে আগবাঢ়িবলৈ বিছাৰিছো জাতি, মাটি, ভেটি আৰু জাতিৰ স্বাৰ্থত। লুইতৰ দুই পাৰৰ লগতে নিলিম আকাশত উৰাৰ নিজা সেইয়াই হৈছে ঐক্য প্রগতিশীল শক্তি United Ahom”। আমাৰ হাতত অৰ্পন কৰি যোৱা এই জাতি আৰু ভূমি সুৰক্ষাৰ দায়িত্ব তেখেতৰ পৰিনাতি আৰু প্ৰতিজন আহোমৰ ঐক্যবদ্ধ ভাবে সংকল্পবদ্ধ হোৱাৰ সময় সমাগত আৰু জাতীয় দায়িত্ব। 

“জয় আহোম” জয় আই অসম”

কেন্দ্রীয় সমিতি, আহোম জাতীয় মহাসভাৰ দ্বাৰা প্ৰচাৰিত